ইতিহাসৰ আটাইতকৈ কলংকিত দিনবোৰৰ এটা**
১৯৪৫ চনৰ ৯ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে দিনৰ ১১:০২ বজাত আমেৰিকাৰ বি-২৯ বোমাৰু বিমান "BOCKSCAR"ৰে জাপানৰ নাগাচাকি চহৰৰ ওপৰত "ফেট মেন" নামৰ পাৰমাণৱিক বোমা পেলাইছিল। হিৰোছিমাত পাৰমাণৱিক বোমা নিক্ষেপৰ ৩ দিন পিছত আমেৰিকাই নাগাচাকিক লক্ষ্য কৰি লৈছিল ।
*কিয় নাগাচাকি?
হিৰ'ছিমাৰ পিছত দ্বিতীয় আক্ৰমণৰ লক্ষ্য আছিল কোকুৰা চহৰত বেয়া বতৰৰ বাবে বিমানটোৱে নাগাচাকিলৈ ঘূৰি আহিব লগা হ'ল।
**ধ্বংসৰ মাত্ৰা**
- প্ৰায় ৪০,০০০ লোক তৎক্ষণাত মৃত্যু হৈছিল ।
-পাছৰ কিছু সপ্তাহ আৰু মাহৰ ভিতৰতে বিকিৰণ ফলত আৰু আহত হোৱা লোকৰ মৃত্যু সংখ্যা প্ৰায় ৭০ হাজাৰলৈ বৃদ্ধি পায়।
- ২০২৩ চনলৈকে মৃতৰ সংখ্যা ৰেডিয়েশ্যনৰ ফলত ২ লাখতকৈ অধিক হৈ পোৱা অনুমান ।
যুদ্ধৰ নামত সাধাৰণ মানুহক লক্ষ্য কৰি এই আক্ৰমণ কৰা হৈছিল।
এই দিনটোৱে আমাক শিকায় যে যুদ্ধৰ কোনো বিজয়ী নাথাকে। পাৰমাণৱিক অস্ত্ৰ মানৱ জাতিৰ বাবে এক অভিশাপ।
**#নাগাছাকি_দিৱস
#পাৰমাণৱিক_বিৰোধী_দিৱস
#NeverAgain**
No comments:
Post a Comment